newsnextone.com|শিৱসাগৰঃ শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত শনিবাৰে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নদীত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ সলিল সমাধিৰ ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা আজি চতুৰ্থ দিন।

বৰ্তমানলৈকে হৰেন বৰাৰ পৰিয়ালটোৰ সন্ধান বিচাৰি দিখৌ নৈত অভিযান আৰম্ভ কৰিছে নৌসেনাৰ ডুবাৰুৰ দলে। পুৱা ৭.৩০ বজাৰ পৰা দিখৌ নৈত অভিযান চলাই আছে সোমবাৰে বিশাখাপট্টনমৰ পৰা অহা নৌসেনাৰ বিশেষ দলটোৱে।

ইতিমধ্যে ১০খন নাৱৰ সহায়ত ১০০জন লোকে অভিযান অব্যাহত ৰাখিছে। অভিযানত আণ্ডাৰ ৱাটাৰ গ’প্ৰ কেমেৰা ব্যৱহাৰ কৰাৰ লগতে আণ্ডাৰ ৱাটাৰ ইক’ছিষ্টেমো ব্যৱহাৰ কৰা হৈছে অভিযানকাৰী দলটোৱে জানিবলৈ দিছে। নৌসেনাৰ ডুবাৰুৰ দলটোৱে দুখন জেমিনি বোটেৰে অভিযান আৰম্ভ কৰিছে।

চাইড স্কেন ছ’নাৰ যন্ত্ৰ ব্যৱহাৰ কৰি গাড়ীখনৰ অৱস্থিতি ধৰা পেলাবলৈ চেষ্টা কৰিব দলটোৱে। আজি গাড়ীখনৰ লগতে আটাইকেইজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে নৌসেনাৰ দলটোৱে। আনহাতে পুৱা ৫.৩০ বজাৰ পৰা NDRF-SDRF-বাহিনীয়েও অভিযান চলাই আছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালটোৰ।