57
newsnextone.com|শিৱসাগৰঃ শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত শনিবাৰে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নদীত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ সলিল সমাধিৰ ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা আজি চতুৰ্থ দিন।
বৰ্তমানলৈকে হৰেন বৰাৰ পৰিয়ালটোৰ সন্ধান বিচাৰি দিখৌ নৈত অভিযান আৰম্ভ কৰিছে নৌসেনাৰ ডুবাৰুৰ দলে। পুৱা ৭.৩০ বজাৰ পৰা দিখৌ নৈত অভিযান চলাই আছে সোমবাৰে বিশাখাপট্টনমৰ পৰা অহা নৌসেনাৰ বিশেষ দলটোৱে।