newsnextone.com | ডিজিটেল ডেস্কঃ শাসনাধিষ্ঠিত বিজেপি সোণোৱাল চৰকাৰখনে বিগত বৰ্ষৰ দৰে এই বছৰ অসমবাসীক প্ৰলংয়ংকাৰী বাণে জুৰুলা নকৰে বুলি আশ্বাস দিছিল৷ জলসম্পদ মন্ত্ৰী কেশব মহন্তইও বানে যাতে নৈপৰীয়া ৰাইজৰ ভেটি উচন কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ সকলোবোৰ চিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা বলি ফিতাহি মাৰিলেও শেষত সকলো ফুটুকাৰ ফেন হৈ পৰা পৰিলক্ষিত হৈছে৷
ভৰ বাৰিষা আহি চোতাল নগৰকাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে নৈ পৰীয়া ৰাইজৰ বুকুৰ পৰা চৰকাখনৰ প্ৰতি থকা বিশ্বাসৰ আঁচলখন খহাবলৈ উদ্যত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ টকা খৰছ কৰি চৰকাৰে বান্ধি দিয়া মথাউৰি চিঙি বাৰিষাৰ প্ৰথমটো পানীৰ সোততে বুৰ গৈছে কেইবাখনো গাঁও৷ মাত্ৰ দুটা দিনৰ বৰষুণৰ পিছত নৈৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে সন্ত্ৰাস সৃষ্টি কৰাত ৰাইজে দিক হেৰুৱাইছে৷