লংকাঃ বাঢ়নী পানীয়ে পত্নীৰ সন্মুখতে উটুৱাই নিয়া মহেন্দ্ৰ ডেকাৰজাৰ মৃতদেহ ৰাইজৰ সহযোগত এনডিআৰএফ আৰু এছডিআৰএফে আজি উদ্ধাৰ কৰে৷
লংকাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত পুৰনাকাকী জৰাবাৰীৰ পৰা যোৱা শনিবাৰে বাঢ়নী পানীয়ে পত্নীৰ সন্মুখতে উটুৱাই নিছিল মহেন্দ্ৰ ডেকাৰজা নামৰ লোকজনক৷ হোজাই জিলা প্ৰশাসনে এনডিআৰএফ আৰু এছডিআৰএফৰ সহায়ত শনিবাৰৰ পৰা ডেকাৰজাৰ উদ্ধাৰ অভিযানত নামি পৰিছিল৷
দেওবাৰে পুৱাৰ পৰাই সমগ্ৰ দিনটো অভিযান চলাই ডেকাৰজাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত আজি পুনৰ অভিযান আৰম্ভ কৰি দিনৰ প্ৰায় ১১ বজাত মৃতদেহটো ডিমৌ নৈত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
প্ৰায় ২ ঘন্টা উদ্ধাৰ অভিযান চলোৱাৰ অন্তত ৰাইজৰ সহযোগত ডিমৌ নৈৰ পাৰৰ ঘন জংঘলত খৰিকটীয়া তথা দুটি সন্তানৰ পিতৃ মহেন্দ্ৰ ডেকাৰজাৰ মৃতদেহ উদ্ধাৰ হয়৷ হোজাই জিলাৰ অতিৰিক্ত উপাযুক্ত প্ৰশান্ত বৰুৱা আৰু লংকা ৰাজহ চক্ৰ বিষয়া গৰ্গ মোহন দাসৰ নেতৃত্বত চলিছিল এই অভিযান৷
স্থানীয় ৰাইজে দৰিদ্ৰ মহেন্দ্ৰ ডেকাৰজাৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহাৰ্য্য দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।