গুৱাহাটীঃ আগন্তুক পহিলা জুলাইৰপৰা সলনি হ’ব ৰাজ্য চৰকাৰৰ কাৰ্যলয়ৰ সময়সূচী। সেই অনুসৰি পহিলা জুলাইৰপৰা চৰকাৰী কাৰ্যলয়ত কৰ্মচাৰী উপস্থিত হ’ব লাগিব পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাত। একেদৰে কাৰ্যলয়ত কৰ্মচাৰী সকলে আবেলি ৫ বজাৰ পৰিৱৰ্তে কৰ্ম সম্পাদন কৰিব লাগিব আবেলি ৬ বজালৈকে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰী সকলে পূৰ্বৰ ৮ ঘন্টাৰ পৰিৱৰ্তে এতিয়া কাৰ্যলয়ত থাকিব লাগিব ৯ ঘন্টা।
কৰ্মচাৰী সকলৰ কৰ্ম সময় এক ঘণ্টা বৃদ্ধি কৰিলেও এতিয়াৰপৰা কৰ্মচাৰী সকলে সপ্তাহত দুটাকৈ দিন কাৰ্যলয় বন্ধ পাব। সেই অনুসৰি সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু দেওবাৰে কৰ্মচাৰী সকলৰ কাৰ্যলয় বন্ধ থাকিব৷