নগাঁওঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব খোজা চৰকাৰী বিদ্যালয়ত সাত মাহৰ মুৰকত পাঠ্যপুথি বিতৰণ কৰিলে ৰাজ্য চৰকাৰে৷ শিক্ষাৰ মানদণ্ড অধিক উন্নত আৰু গতিশীল কৰাৰ বাবে গুণোৎসৱ পাতিছে চৰকাৰে৷ সম্প্ৰতি বিয়াগোম বিভাগটোত সংঘটিত এক আজৱ কাণ্ডই সচেতন মহলক স্তম্ভিত কৰি তুলিছে৷
জানিব পৰা মতে, শিক্ষাবৰ্ষৰ প্ৰায় আঠ মাহ পাৰ হোৱাৰ উপক্ৰম ঘটাৰ সময়তে চৰম দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰি এতিয়া শিক্ষা বিভাগে বিদ্যালয়বোৰলৈ প্ৰেৰণ কৰিছে ‘গণিত অনুশীলন পুথি’ ৷নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম,ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা এই বিনামূলীয়া পাঠ্যপুথি অসম সৰ্বশিক্ষা অভিযান মিছনৰ দ্বাৰা যোগান ধৰা হৈছে৷