newsnextone.com | নগাঁও/বটদ্ৰৱাঃ অসম মাতৃক বিশ্বৰ বুকুত জিলিকাই তোলা স্বৰ্ণকন্যাৰ জন্মভূমি উজ্জ্বলাই তুলিব এতিয়া ৰাজ্য চৰকাৰে। এই বাৰ্তা লৈ চৰকাৰৰ প্ৰতিনিধি হিচাপে হিমাৰ গৃহত উপস্থিত হ’ল নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি৷ হিমাই সৰুতে খেলা তথা খেল আৰম্ভ কৰা ধিঙৰ ৩ নং কান্ধুলিমাৰি গাঁৱৰ খেলপথাৰ খনে পাব এক নতুন ৰূপ।
হিমাৰ নিজৰ গাওঁখনৰ প্ৰতিটো পথতে জ্বলিব ষ্ট্ৰিট লাইট। অধিক আটক ধুনীয়া হব হিমাৰ গাৱঁৰ নামঘৰ। হিমাৰ ঘৰলৈ যাতায়াত ব্যৱস্থাও হব বহু উন্নত। মুঠতে এক নতুন ৰূপত জিলিকি উঠাৰ পথত স্বৰ্ণ কন্যা হিমাৰ নিজৰ ৩নং কান্ধুলিমাৰী গাঁওখন।