ডিজিটেল ডেস্কঃ গুজৰাটৰ বান পৰিস্থিতিৰ বুজ লোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০০ কোটিৰ সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰাৰ পিছৰে পৰা পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰা বিভিন্ন ৰাজ্যৰ ভিতৰত অসমো অন্যতম। 

মোদী এসময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবেই এনেদৰে পক্ষপাতিত্বমূলক সাহায্য বিতৰণ কৰা বুলি অসমৰ বিধানসভাত সমালোচিত হৈছিল বিজেপি চৰকাৰখন। কিন্তু এই অভিযোগ নস্যাৎ কৰি বিষয়টো সৰলীকৰণ কৰিছে চৰকাৰে। কেন্দ্ৰৰ ভাষ্য অনুসৰি যি ৰাজসাহায্যৰ ঘোষণা গুজৰাটৰ বাবে কৰা হৈছে সেয়া দৰাচলতে কেন্দ্ৰই গুজৰাটৰ এছডিআৰএফক আগৰেপৰাই দিবলগীয়া ৰাশি আছিল।

সংসদত বৃহস্পতিবাৰে এই কথা সদৰী কৰা হয় যে প্ৰতিখন ৰাজ্যৰে নিজাববীয়াকৈ এনডিআৰএফ অথবা এছডিআৰএফৰ অধীনত কোটি কোটি টকা আছে। অসমৰ হাতত সম্প্ৰতি ৫০০ কোটিৰো অধিক টকাৰ পুঁজি আছে যিটো এতিয়ালৈ ব্যৱহাৰ হোৱা নাই। 

একেদৰে বানবিধ্বস্ত উৰিষ্যাৰো আছে ৮২৪ কোটি। এনেদৰে ভালেকইখন ৰাজ্যৰে সাহায্যৰ বাবে পুঁজি আছে যদিও সেয়া ব্যৱহাৰ হোৱা নাই। পৰিস্থিতি মোতায়েন কৰাৰ বাবে এটা মন্ত্ৰীদল অসমলৈ ৰাওনা হ’ব বুলিও সদৰী কৰে এজন বিষয়াই। 

উল্লেখ্য যে সমগ্ৰ দেশতে মুঠ ৬০০ ৰো অধিক লোক বান অথবা ভুমিস্খলনত প্ৰাণ হেৰুৱাইছে। বিশেষকৈ অসম, গুজৰাট আৰু উৰিষ্যা এইক্ষেত্ৰত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।