Home বাণিজ্যইণ্টাৰনেট কৰ্তনৰ ফলত দুটা দেওবাৰত ৰাজ্যত ১৪০ কোটিৰো অধিক আৰ্থিক ক্ষতি

ইণ্টাৰনেট কৰ্তনৰ ফলত দুটা দেওবাৰত ৰাজ্যত ১৪০ কোটিৰো অধিক আৰ্থিক ক্ষতি

by News Desk
A+A-
Reset
net-sasti

গুৱাহাটীঃ এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ দেওবাৰৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰে পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে ভীষণ ব্যস্ততা অব্যাহত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ডিজিটেল ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ ‘ডিজিটেল অসম’ত বিৰাজ কৰিছিল একপ্ৰকাৰ মৰিশালিৰ নিস্তব্ধতাই। পৰীক্ষাত যাতে কোনোধৰণৰ খেলিমেলি সংঘটিত নহয় তাৰবাবেই ৰাজ্য চৰকাৰে মোবাইল নেটৱৰ্ক প্ৰদানকাৰী সংস্থাসমূহক ১৫ ছেপ্টেম্বৰৰ দৰেই এইবাৰো মোবাইল ইণ্টাৰনেট কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশ অনুযায়ী দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ সম্পূৰ্ণ ৮ ঘণ্টা অসম একপ্ৰকাৰ ইণ্টাৰনেটবিহীন হৈ পৰে।

মাত্ৰ ৪ হাজাৰজনক চৰকাৰী সংস্থাপন দিবলৈ গৈ এনেদৰে ৰাজ্য চৰকাৰে কোটি কোটি লোকক ডিজিটেলি সংযোগবিহীন কৰি তোলে। তাৰ মাজতে ভয়াৱহ নিবনুৱা সমস্যাই গ্ৰাস কৰা ৰাজ্যখনত ৪১৮টা চালক পদৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হয় ২,০৪,০৯১ জন প্ৰাৰ্থী। একেদৰে ৪০৫৫টা স্নাতক পৰ্যায়ৰ চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হয় ৫,২৯,৯৮৯ জন প্ৰাৰ্থীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0