newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষাই প্ৰকৃত স্বৰূপটো উদঙাই দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ৷
অসমৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক লৈ গৌৰৱ কৰি থকাৰ সময়তে দেশৰ ৰাজ্য ভিত্তিত একেবাৰে তালিকাৰ শেষত স্থান লাভ কৰিছে অসম আৰু উত্তৰ প্ৰদেশে৷ অসমে স্বাস্থ্য সেৱাত সফল হোৱা বুলি দাবী কৰাৰ থকাৰ সময়তে তালিকাৰ অন্তিম স্থান লাভ কৰা বিষটোৱে বহু প্ৰশ্ন উদয় কৰিছে৷