newsnextone.com | গোৰেশ্বৰঃ মুকবধিৰ যুৱতী লুনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বাক্সা জিলাৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ লুনাৰ বাসগৃহত উপস্থিত হয় অসম বধিৰ সন্থাৰ বিষয়-ববীয়া। গুৱাহাটী মহানগৰীৰ লংকেশ্বৰস্থিত দিব্যাংগ অনুষ্ঠান ঈৰদাত যোৱা ৭ জুনত সংঘটিত হোৱা এই ঘটনাই জোকাৰিছে ৰাজ্য। টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ কন্যা ২২ বছৰীয়া লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকলৈ সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি জনাই যে লুনাই ঈৰদাৰ হোষ্টেলত চিপ লৈ আত্মহত্যা কৰিছে। কিন্তু এই ঘটনাক সম্পূৰ্ণ পৰিকল্পিত বুলি অভিহিত কৰিছে পৰিয়ালে।
অসম বধিৰ সন্থাই এই ঘটনাক নিন্দা কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল’বলৈ আহে কেবাজনো বিষয়-ববীয়া। অসম বধিৰ সন্থাৰ উপ-সভানেত্ৰী স্বৰ্ণলতা পেগু, সম্পাদক তপন শৰ্মা, সহকাৰী সম্পাদক অভিজিৎ দাস সৈতে কেইবাজনো সদস্য-সদস্যা উপস্থিত হয়। অসম মহিলা সমিতিৰো কেইবাজনো বিষয়-ববীয়া উপস্থিত হয় লুনাৰ বাসগৃহত। বিষয়-ববীয়াসকলে লুনাৰ অস্বাভাবিক মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক প্ৰস্তাৱ পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰে।