ৰঙিয়াঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো নগাঁও কাগজ কল, কাছাৰ কল আৰু এপ’লমিল পুনৰ কাৰ্ক্ষ্ষম কৰা নাই চৰকাৰে৷ শ্ৰমিক-কৰ্মচাৰীয়ে ১৮ মাহে দৰমহা পোৱা নাই৷ ১৮ মাহে দৰমহা নোপোৱা চৰকাৰী শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ শ্ৰমিক-কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি কাগজ কল সমূহ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে ল’ৰা ধেমালি কৰি আহিছে।
আজিও ক্ষোভিত শ্ৰমিক-কৰ্মচাৰীয়ে কল সমূহ কাৰ্যক্ষম কৰি শীঘ্ৰে অনাদায় ১৮ মাহৰ দৰমহা আদায়ৰ দিয়াৰ দাবী জনাই আহিছে শ্ৰমিক-কৰ্মচাৰীয়ে। কল সমূহৰ কেইবাগৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যুক আকোৱালি লৈছে৷ তেওঁলোকৰ সন্তানে আধাতে শিক্ষা সাং কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওঁলোকৰ পৰিয়াল সমূহে৷ যাৰ বেদনা কোনেও শুনিব নিবিচাৰে বুজিব নোখোজে৷