কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডীয়া, সাহিত্য অকাডেমী, বিটিচি কতৃপক্ষৰ সহযোগত আৰু বড়ো লেখক সন্থাৰ উদ্যোগত যোৱা ১১ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ, বড়োলেণ্ড গ্ৰন্থ মেলা, বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহু ভাষিক কবিতা অাবৃতি, যুৱ বড়ো লিখক উৎসৱ, বড়ো ভাষা শিক্ষা-শিকন প্ৰশিক্ষন শিবিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আজি সমৰণি পৰে৷
অনুষ্ঠানটিৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুযায়ী মুকলি সভাখন উদ্বোধন কৰে বড়ো সকলৰ প্ৰথম সাহিত্য অকাডেমী বটা প্ৰাপ্ত ড৹ মংগলসিং হাজোৱাৰীয়ে ৷ বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমান্দ ৰাজবংশীয়, সন্মানীয় অতিথি হিচাপে ইণ্ডনেছিয়া ৰাষ্ট্ৰৰ বিশিষ্ট বালি সাহিত্যিক চনিয়া পিচকায়েন্টি, ইণ্ডনেছিয়া ৰাষ্ট্ৰৰ গণেশা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা পুটু কেৰতি নিতিআছি আৰু লু পুটু আৰতিনী উপস্থিত থাকে৷