বিহালীঃ শনিবাৰে উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে পৰিষদৰ উপ-সভাপতি এছ বি আৰবী মহাবিদ্যালয়ৰ অধ্যক্ষ আলহাজ মৌলানা নিজাম উদ্দিন আহমেদে। 

সভাত নামেবৰ উপদেষ্টাদ্বয় ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল আজিজ ফৰাজী, নুৰপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল বাৰী চাহাব, নামেবৰ সদস্য সচিব ম: জাবেদুৰ ৰহমান চাহাবৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ বিষয়ববীয়া আৰু  প্ৰতিনিধিবৰ্গও উপস্থিত থাকে। 

সভাত নামেবৰ অন্তৰ্গত শিক্ষানুষ্ঠানৰ দুগৰাকী সতীৰ্থ শিক্ষক কৰ্মচাৰীৰ অকাল বিয়োগত তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে লক্ষীমপুৰ জিলাৰ ফতেহপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা মনজুৰ আহমেদে। সভাত যোৱা ১৪-০২-২০১৯ ইং তাৰিখে পাকিস্তানী সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰৰ পালৱামাত সংঘটিত কৰা বৰ্বৰ আত্মঘাতী বোমা বিস্ফোৰণত শ্বহীদ হোৱা ভাৰতীয় বীৰ সৈনিক সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে এক শোক প্ৰস্তাব গ্ৰহণ কৰে আৰু এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

সভাত নামেবৰ সদস্য সচিব জাবেদুৰ ৰহমানে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে আৰু অনুমোদনৰ অন্তত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু অনুমোদন কৰা হয়।

আজিৰ সভাত পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠণ কৰা হয়। সভাই উপদেষ্টা হিচাপে মৌলানা আব্দুল আজিজ ফৰাজী, মৌলানা আব্দুল বাৰী, মৌলানা আবুল কালাম আজাদ, সভাপতি হিচাপে মৌলানা নিজামুদ্দিন আহমেদ, সদস্য সচিব হিচাপে জাবেদুৰ ৰহমান,  সহকাৰী সাধাৰণ সম্পাদক হিচাপে নুৰ হুছেইন, ছিকন্দৰ আলিক লৈ মুঠ ২১ জনীয়া শক্তিশালী নতুন সমিতি গঠন কৰা হয়।