বিহালীঃ শনিবাৰে উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে পৰিষদৰ উপ-সভাপতি এছ বি আৰবী মহাবিদ্যালয়ৰ অধ্যক্ষ আলহাজ মৌলানা নিজাম উদ্দিন আহমেদে।
সভাত নামেবৰ উপদেষ্টাদ্বয় ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল আজিজ ফৰাজী, নুৰপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল বাৰী চাহাব, নামেবৰ সদস্য সচিব ম: জাবেদুৰ ৰহমান চাহাবৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ বিষয়ববীয়া আৰু প্ৰতিনিধিবৰ্গও উপস্থিত থাকে।