83
শিৱসাগৰঃ ঐতিহাসিক তলাতলঘৰ প্ৰাংগনত আজি অসম সন্মিলিত মহাসংঘই দশম প্ৰতিষ্ঠা দিৱস পালন কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম দেশ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ কল্যাণৰ বাবে বিশেষ প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।
প্ৰাৰ্থনা সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট তাই পণ্ডিত বিমল বৰপাত্ৰ গোহাঁইৰ লগতে সহায়ক ৰূপে উপস্থিত থাকে ঘনশ্যাম ফুকন আৰু মনিপুৰী পুৰোহিত জগত সিংহ।