newsnextone.com | খেৰণিঃ চুবুৰীয়া ৰাজ্যই অসম সীমান্তত আগ্ৰাসন অব্যাহত ৰাখিছে৷ মিজোৰাম, নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ে পূৰ্বৰ দৰেই আগ্ৰাসন অব্যাহত ৰাখিছে বুলি সময়ে সময়ে সীমান্তৰ অসমীয়াই অভিযোগ উত্থাপন কৰি আহিছে৷ ইয়াৰ মাজতে অসমৰ ভূমি নতুনকৈ দখল কৰাৰ তথ্য পোহৰলৈ আহিছে৷
এইবাৰ মেঘালয় প্ৰশাসনৰ সহায়ত কাৰ্বি পাহাৰৰ ভিতৰলৈ সোমাই আহিছে মেঘালয়ৰ লোক৷ পশ্চিম কাৰ্বি আংলঙৰ বৃহৎ এটা অঞ্চল চুবুৰীয়া ৰাজ্য মেঘালয়ে নিজৰ বুলি দাবী কৰি বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মেঘালয় চৰকাৰৰ লগতে মেঘালয়ৰ নাগৰিকে দ্ৰুত গতিত অসমৰ ভূমি দখল কৰা বুলি জানিব পৰা গৈছে৷