newsnextone.com | গুৱাহাটীঃ দেই পুৰি নিয়া উৎকট গৰম৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ শিক্ষক-ছাত্ৰ, ব্যৱসায়ী আদিয়ে ঘৰৰ পৰা ওলাব ভয় কৰা হৈছে৷ মানুহ ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷

প্ৰখৰ ৰ’দৰ তীব্ৰতা আৰু বৃষ্টিহীন শুকান পৰিৱেশে বিঘ্নিত কৰিছে জনতাৰ স্বাভাৱিক জীৱন-যাত্ৰা৷ এজাক মুষলধাৰ বৰষুণৰ অপেক্ষাত থকা ৰাইজৰ মুখৰ মাত হেৰাইছে নিৰৱচ্ছিন্নভাৱে দি থকা টিকা ফটা ৰ’দে৷ নাহেহে নাহে এজাক বৰষুণ নাইবা এছাতি শীতল বতাহ৷

প্ৰকাশ যে, বিগত চাৰিটা দিনত আন দিনতকৈ উষ্ণতা অধিক বৃদ্ধি হোৱাত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে৷ এইক্ষেত্ৰত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল৷ কাৰণ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ অধিকাংশতে নাই বিদ্যুৎ, খোৱাপানী আৰু ফেনৰ ব্যৱস্থা৷ 

যোৱা ৭ সপ্তাহ ধৰি দেই পুৰি নিয়া গৰমে জনজীৱন ব্যাহত কৰি পেলাইছে যদিও বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪ ঘণ্টাই বিদ্যুৎ  যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷ তাৰ মাজতে ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ অহা শক্ৰি মন্ত্ৰী তপন গগৈয়ে শপক গ্ৰহণ কৰিয়েই নিজ সমষ্টিলৈ গৈ ঘোষণা কৰিছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা৷ মন্ত্ৰীৰ কথা যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷ এতিয়া গাঁও এলেকাত ২৪ ঘণ্টাই বাদে ৫-৬ ঘণ্টাও বিদ্যুৎ সেৱা আগবঢ়াব পৰা নাই চৰকাৰে।