newsnextone.com।ডিফুঃ দেওবাৰে পুৱতি নিশা ডিফুত পাহাৰ ভূমিস্খলন হৈ এগৰাকী আৰক্ষী কনিষ্টবলৰ কৰুণ মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে৷ প্ৰাপ্ত বাতৰি আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ২-১৫ মান বজাত ডিফু থানা অন্তৰ্গত দেৱান বস্তিৰ ৰজব আলী নামৰ লোক এজনৰ পাহাৰৰ ওখ টিলাৰ কাষতে লাগি থকা ভাড়াঘৰ এটাৰ ওপৰত পাহাৰৰ পৰা হোৱা ভূমিস্খলনে ভাড়াঘৰটোৰ দেৱাল ভাঙি পেলায়। ফলত ভাড়া ঘৰটোৰ ভিতৰত নিদ্ৰাৰত অৱস্থাত থকা নজৰুল ইছলাম নামৰ অসম আৰক্ষীৰ ইউবি কনিষ্টবল জনৰ কৰুণ মৃত্যু হয়৷

ঘৰৰ মালিক আৰু প্ৰতিবেশী সকলে জনোৱা মতে দেওবাৰে নিশা প্ৰায় ২-১৫ মান বজাত পাহাৰৰ পৰা কিবা সৰি পৰাৰ এটা ভয়ংকৰ শব্দ শুনি সকলোৱে সাৰ পাই দেখে যে পাহাৰৰ টিলাৰ গাতে লাগি থকা আৰক্ষী কনিষ্টবল ৰজব আলীৰ ঘৰৰ ওপৰত পাহাৰৰ খহি পৰা ভূমিয়ে পুতি পেলায়৷

ভূমি স্খলনৰ লগতে পাহাৰৰ পৰা গছ উভালি পৰাত ঘৰৰ দেৱাল ভাঙি নজৰুল ইছলামৰ বিছনাৰ ওপৰত পৰি থকা ৰাইজে দেখিবলৈ পায়৷ কোনোধৰণৰ জেচিবি আদি যোৱাৰ সুবিধা নথকা ৰজব আলীৰ ভাড়া ঘৰটোৰ পৰা জিলা দণ্ডাধীশ জোনমনি সোণোৱাল আৰু নৰচিং বে লগতে ডিফু থানা আৰু নগৰ আৰক্ষী চকীৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত স্থানীয় প্ৰায় ৮-৯ জনীয়া যুৱকৰ দলে কোৰেৰে মাটি খান্দি প্ৰায় চাৰি ঘণ্টাৰ মূৰত নজৰুল ইছলামক তলমুৱাককৈ বিচনাৰ ওপৰত মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

 কনিষ্টবল নজৰুলৰ দেহত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে মূখ মণ্ডলতে গুৰুতৰভাবে জখম হোৱা দেখা যায়৷ মৃত আৰক্ষী কনিষ্টবল নজৰুল ইছলামৰ ঘৰ নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত সোণাৰি গাঁৱত৷ ইহ সংসাৰত তেওঁ পিতৃ মাতৃ,পত্নী আৰু দুটা সন্তান এৰি থৈ গৈছে৷

প্ৰয়াত নজৰুল ইছলাম ডিফু নগৰ আৰক্ষী চকীত যান-বাহন শাখাত কৰ্মৰত আছিল৷ এই সন্দৰ্ভত ডিফু থানাত ইউডি ৩০/১৮ নম্বৰত এক গোচৰ ৰুজু দিয়া হৈছে৷ উল্লেখযোগ্য যে,চৰকাৰে অসম আৰক্ষীৰ আধুনিকতা আৰু স্মাৰ্ট পুলিচৰ কথা যি সময়ত চিন্তা চৰ্চা কৰিছে সেই সময়ত এজন কৰ্মৰত চিপাহীয়ে অসম আৰক্ষীৰ কোৱাৰ্টাৰত থকাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ সাধাৰণ ভাবে ঘৰ ভাড়ালৈ থাকি এনে কৰুণ মৃত্যুক সাৱটি লবলগীয়া হোৱা কাৰ্য অতি দূৰ্ভাগ্যজনক আৰু এই কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷