newsnextone.com। ডিজিটেল ডেস্কঃ আজি ‘অসম আৰক্ষী দিৱস’ উপলক্ষে গুৱাহাটীৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন গ্ৰাউণ্ডত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰ লগতে অসম আৰক্ষীৰ বিভিন্ন গোটে প্ৰদৰ্শন কৰা ‘গাৰ্ড অব্ অনাৰ’ৰ অভিবাদন গ্ৰহণ কৰে।
ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালনত বিশেষ দক্ষতা প্ৰদৰ্শন কৰা ১৩ গৰাকী আৰক্ষী বিষয়াক ‘মুখ্যমন্ত্ৰীৰ পদক’ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ এটি বিশেষ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। আজিৰ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটি গছপুলি ৰোপণ কৰে।