কাজলগাঁওঃ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আজি বিটিএডিৰ চিৰাং জিলা ভ্ৰমণ কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ লয়৷ চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই বিটিএডিৰ আই জি পি অনুৰাগ আগৰৱালা, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হয়৷
নিৰাপত্তা আৰু উগ্ৰপন্থী গতি বিধি সন্দৰ্ভত আলোচনা কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। প্ৰায় দুঘন্টা ধৰি অনুষ্ঠিত হয় ৰুদ্ধধাৰ বৈঠক। বৈঠকৰ অন্ততঅতিৰিক্ত আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াই সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও তিনিখন জিলাত বিভিন্ন আন্দোলনৰ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বুলি কৈ বিশেষকৈ ৰেল অৱৰোধ, বন্ধ অৱৰোধ আদি কাৰ্যসূচীৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনীৰ প্ৰয়োজন সন্দৰ্ভত আলোচনা কৰা বুলি কয়।