newsnextone.com | লিডুঃ অসম আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত অভিযান চলাই তিনি অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু টিকক কলিয়ৰীৰ কে বিকাশ ৰাও নামৰ লোকগৰাকীৰ পত্নী আৰু দুই সন্তান মুস্কান (১৩), কে আনন্দক (৬) যোৱা ২৪ জুলাইত অপহৰণ কৰি নিয়া খবৰ প্ৰচাৰ হৈছিল। প্ৰথমে এগৰাকী লোকে কোনো বিষয়ত লোভ দি নাগালেণ্ডৰ ৰাজধানীলৈ নিয়ে আৰু তাত আবদ্ধ কৰে।
মাতৃ দুই সন্তানক আবদ্ধ কৰি পিতৃৰ পৰা ১০ লাখ টকা দাবী কৰিছিল। এই ঘটনাৰ পিছতে অসম আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছিল মাতৃ-সন্তানক উদ্ধাৰ কৰিবলৈ। তাৰ মাজতে ২৮ জুলাইত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুঙৰ নেতৃত্বত আৰক্ষী এটা দলে নাগালেণ্ডৰ ডিমাপুৰত নগা আৰক্ষীৰ সহায়ত অভিযান চলাই ওৱাই জিমিঅ’ কলনিৰ পৰা অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।