গুৱাহাটীঃ সপ্তম দৰমহা আয়োগৰ নামত পুনৰ বঞ্চনাৰ বলি হ’বলগীয়া হৈছে দিন-ৰাতি একাকাৰ কৰি বছৰৰ ৩৬৫ টা দিনেই কৰ্তব্যত ব্যস্ত থকা অসম আৰক্ষী। এই অভিযোগ সদৌ অসম আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক তাহেৰুদ্দিন আহমেদৰ।
অসমৰ আৰক্ষীসকলৰ দৰমহা বা বিভিন্ন ভাট্টাসমূহ বিজ্ঞানসন্মত ভাৱে বৃদ্ধি কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে আৰক্ষীসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰি বিগত দৰমহা আয়োগসমূহৰ নিচিনাকৈ বৰ্তমানৰ চৰকাৰেও পুনৰ বঞ্চনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদকজনে।