গুৱাহাটীঃ সপ্তম দৰমহা আয়োগৰ নামত পুনৰ বঞ্চনাৰ বলি হ'বলগীয়া হৈছে দিন-ৰাতি একাকাৰ কৰি বছৰৰ ৩৬৫ টা দিনেই কৰ্তব্যত ব্যস্ত থকা অসম আৰক্ষী। এই অভিযোগ সদৌ অসম আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক তাহেৰুদ্দিন আহমেদৰ।

অসমৰ আৰক্ষীসকলৰ দৰমহা বা বিভিন্ন ভাট্টাসমূহ বিজ্ঞানসন্মত ভাৱে বৃদ্ধি কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে আৰক্ষীসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰি বিগত দৰমহা আয়োগসমূহৰ নিচিনাকৈ বৰ্তমানৰ চৰকাৰেও পুনৰ বঞ্চনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদকজনে।

সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কনিষ্টবলৰ ২২০০ টকা, লেন্স নায়কৰ ২৫০০ টকা, হাবিলদাৰ/হেড কনিষ্টবলৰ ২৭০০ টকা আৰু সহকাৰী উপ-পৰিদৰ্শকৰ ২৯০০ টকাৰ গ্ৰেড পেৰ বৰ্ধিতকৰণৰ বাবে আবেদন জনাইছিল। কিন্তু অসম আৰক্ষীৰ দৰমহা বৰ্ধিতকৰণৰ ক্ষেত্ৰত চৰকাৰে নিয়োগ কৰা ৩ জনীয়া পুনৰ নিৰীক্ষণ কমিটিয়ে ডিপাৰ্টমেণ্টৰ জৰিয়তে বিত্ত বিভাগলৈ প্ৰেৰণ কৰাৰ ফলত আৰক্ষীসকল প্ৰাপ্যৰ পৰা পুনৰ বঞ্চিত হ'ব লগাত পৰিছে। 

ইয়াৰ উপৰিও আৰক্ষীৰ ইউনিফৰ্মৰ কাপোৰৰ সলনি যি পৰিমানৰ নগদ ধন দিয়াৰ ব্যৱস্থা কৰিছে, সেয়া কণা হাঁহক পতান দিয়াৰ নিচিনাহে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম আৰক্ষী সন্থাৰ বিষয়ববীয়াসকলে। অসম আৰক্ষীৰ ৰেছন ভাট্টা দিল্লী পুলিচ অথবা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ সমপৰ্যায়ত বৰ্তমানৰ ১২০০ টকাৰ পৰিবৰ্তে ২৮০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি দাবী জনায়।

লগতে বিশেষ শাখাৰ বিষয়া-কৰ্মচাৰীসকলক যি বিশেষ ভাট্টা দিয়াৰ ব্যবস্থা ৰখা হৈছে তেনেধৰণৰ সম পৰিমাণৰ বিশেষ ভাট্টা চি.আই.ডি. বি.আই.ই.ও আৰু এ.পি.আৰ.এ  ৰ বিষয়া-কৰ্মচাৰীকো প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে সন্থাই।

আৰক্ষীসকলৰ বাবে ভাৰাহীন বাসস্থানৰ ব্যবস্থা কৰাৰ উপৰিও ঘৰভাৰা ভাট্টা বৃদ্ধি কৰিবলৈ আৰু ১৫০০ টকাকৈ যাতায়ত ভাট্টা প্ৰদান কৰিবলৈ দাবী জনায়। চিকিৎসা ভাট্টাৰ সংশোধন ঘটাই চিকিৎসা বীমা আঁচনি প্ৰৱৰ্তন, মহকুমা বা জিলা সদৰত এখনকৈ অত্যাধুনিক সা-সুবিধাৰ হাস্পতাল স্থাপন কৰা, চিকিৎসা ভাট্টা ৩০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰে।

অন্যথা ন্যায্য প্ৰাপ্তিৰ বাবে আৰক্ষীসকলে আন্দোলনৰ পথ ল'বলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়াই দিয়ে। সময় থাকোতেই বিহিত ব্যৱস্থা নল'লে উচ্চ ন্যায়লয়ৰ দাৰস্থ হ'ব বুলিও স্পষ্ট কৰি দিয়ে সংস্থাটোৱে।