ডিজিটেল ৰিপ’ৰ্টঃ অম্বুবাছীৰ আগে-পিছে ৰক্তাক্ত হ’ব পাৰে অসম। ৰাজ্যখনত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছে সংঘটিত কৰিব পাৰে এই আক্ৰমণ। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা এই সতৰ্কবাণী লাভ কৰাৰ পিছতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট।
ৰাজ্যখনত জামাত উল-মুজাহিদিনৰ কেবাজনো সদস্যই আত্মগোপন কৰি থকা বুলিও খবৰ লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোৰ আত্মগোপনকাৰী সদস্যসকলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।