কাৰ্বি আংলংঃ অসম আৰক্ষীৰ ৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIG লৈ পদোন্নতি কৰা হয়। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG (নিৰাপত্তা) পদলৈ বদলি কৰাৰ লগতে সত্যজিত হাজৰিকাক BTAD ৰ DIG পদলৈ পদোন্নতি কৰা হয়।
শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ DIG পদলৈ, লুইছ আইন্দক DIG (NER) পদলৈ, এম. আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ DIG পদলৈ, আবু ছোফিয়ানক ৰে’লৱেৰ DIG পদলৈ, আইনুল হকক আইন–শৃংখলাৰ DIG পদলৈ পদোন্নতি। DIG দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পদলৈ বদলি, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি পুষ্পৰাজ সিঙক গোলাঘাটলৈ বদলি, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক কৰিমগঞ্জলৈ আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক কাৰ্বি আংলঙলৈ বদলি।