69
যোৰহাটঃ ঐতিহ্যমণ্ডিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় যাদুঘৰ হিচাবে সংৰক্ষিত হ’ব। যোৰহাট জিলাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনক বিশেষভাৱে সংৰক্ষণৰ চিন্তা কৰিছে সভাৰ কেন্দ্ৰীয় সমিতিয়ে।
অসমীয়া ভাষা সাহিত্যৰ জৰিয়তে শতাব্দী প্ৰাচীন পৰিক্ৰমাৰে উজলি উঠা ভৱনটোৱে নতুন মাত্রা লাভ কৰিব বুলি আশা কৰিছে সভাই। শনিবাৰে সভাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে সভাৰ নেতৃত্বই।