তিনিচুকীয়াঃ বিতৰ্কি আৰু অসম সাহিত্য সভা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ সাহিত্য সভাৰ সৈতে বছৰ বছৰ ধৰি জৰিত হৈ থকা একাংশ লোকে কেৱল ধন ঘটি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ সাহিত্য সভাই লাভ কৰা বিভিন্ন অনুদান সদস্যৰ পৰা লাভ কৰা টকাৰ হিচাপ নিদিয়া বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ অসাহিত্যিক তথা ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেতাৰ আজ্ঞাবাহী লোকে অসমীয়াৰ আপোন, অসমীয়াৰ আৱেগ, অনুভূতি অসম সাহিত্য সভাক চলাই থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷
এনেবোৰ কথা যোৱা দুই তিনিটা বছৰত অসমৰ বুকুত ব্যাপক হাৰত চৰ্চা হৈছে৷ কিন্তু অসমৰ সাধাৰণ ৰাইজে এই কথা ভালকৈয়ে অনুভূৱ কৰে যদিও অসম সাহিত্য সভাক এৰিব নোৱাৰে৷ সময় যোৱাৰ লগে লগে অনুষ্ঠানত পুনৰ যোগ্য মানুহ, সাহিত্যৰ সৈতে জড়িত লোকে প্ৰবেশ কৰি অসম সাহিত্য সভাক উদ্ধাৰ কৰিব বুলি আজিও বিশ্বাস কৰে অসমৰ ৰাইজে৷ সাহিত্য সভা তথা সাহিত্য সভাৰ অধিবেশন বুলি কলে অসমৰ গ্ৰাম্য অঞ্চলৰ লোকে আজিও আনন্দিত হৈ পৰে৷