newsnextone.com | জাজৰিঃ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহাসভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে পুনৰ ক্ষোভিত হৈ পৰিছে পশ্চিম নগাঁও জিলা সমিতি। কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ সময়তে অসম সত্ৰ মহাসভাই অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰিছিল৷
অসম সত্র মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই দিল্লীত অনুষ্ঠিত সংসদীয় যুটীয়া সমিতিৰ শুনানিত অংশ লৈ হিন্দু শৰণাৰ্থীক সংস্থাপনৰ সমৰ্থন আগবঢ়োৱা কাৰ্যক অসম সত্র মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল৷ অসম আৰু অসমীয়াৰ বিৰুদ্ধি যোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছিল পশ্চিম নগাঁও জিলা সত্র মহাসভাই৷