newsnextone.com | নগাঁওঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত তথা নগাঁৱৰ অগ্রণী সামাজিক সাংস্কৃতিক অনুষ্ঠান হেঁপাহৰ সহযোগত মঙলবাৰে তৃতীয় বার্ষিক গ্রীষ্মকালীন সত্রীয়া নৃত্য কর্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠি হয়। হাতীচোং মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকন, প্রতিযথশা শিল্পী গুণ শইকীয়া, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা প্রমুখ্যে শংকৰদেৱ গৱেষণা কেন্দ্রৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা আৰু অমিত কুমাৰ দত্ত।
সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা সত্রীয়া নৃত্যানুষ্ঠানত কৃষ্ণ বন্দনা, কৃষ্ণ নৃত্য, গোপী নাচ, মাটি আখৰা, ভোৰতাল আদি নৃত্যৰ বাৰে বৰণীয়া অনুষ্ঠান পৰিবেশনেৰে কর্মশালাৰ প্রশিক্ষার্থীসকলে সকলোকে মন্ত্রমুগ্ধ কৰে। উল্লেখযোগ্য যে, বন্দনা বর্মন আৰু বিপাঞ্চী গোস্বামীৰ প্রশিক্ষণেৰে ১৪ জুলাইৰ পৰা কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কর্মশালাত ৮২ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰিছিল আৰু প্রত্যেককে অনুষ্ঠানৰ অন্তত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে মানপত্র প্রদান কৰে।