newsnextone.com | নগাঁওঃ ৰাজ্যত এতিয়া দেই পুৰি নিয়া গৰম৷ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানত বিদ্যুতৰ সংযোগ নথকাৰ ফলত ব্যাপক সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক৷ টিনৰ তলত আৰু পকী দেৱালত গৃহত সোমাই থাকিব লগীয়া হোৱাত গৰমত অসহ্য যন্ত্ৰণা সহিব লগীয়া হৈছে গ্ৰাম্য এলেকাৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ কিয়নো গ্ৰাম্য এলেকাৰ প্ৰায় শিক্ষনুষ্ঠআনত নাই বিদ্যুতৰ সংযোগ আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা৷
এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷