newsnextone.com | নগাঁওঃ ৰাজ্যত এতিয়া দেই পুৰি নিয়া গৰম৷ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানত বিদ্যুতৰ সংযোগ নথকাৰ ফলত ব্যাপক সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক৷ টিনৰ তলত আৰু পকী দেৱালত গৃহত সোমাই থাকিব লগীয়া হোৱাত গৰমত অসহ্য যন্ত্ৰণা সহিব লগীয়া হৈছে গ্ৰাম্য এলেকাৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ কিয়নো গ্ৰাম্য এলেকাৰ প্ৰায় শিক্ষনুষ্ঠআনত নাই বিদ্যুতৰ সংযোগ আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা৷

এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷

প্ৰখৰ ৰ’দৰ তীব্ৰতা আৰু বৃষ্টিহীন শুকান পৰিৱেশে বিঘ্নিত কৰিছে জনতাৰ স্বাভাৱিক জীৱন-যাত্ৰা৷ এজাক মুষলধাৰ বৰষুণৰ অপেক্ষাত থকা ৰাইজৰ মুখৰ মাত হেৰাইছে নিৰৱচ্ছিন্নভাৱে দি থকা টিকা ফটা ৰ’দে৷ নাহেহে নাহে এজাক বৰষুণ নাইবা এছাতি শীতল বতাহ৷

প্ৰকাশ যে, বিগত চাৰিটা দিনত আন দিনতকৈ উষ্ণতা অধিক বৃদ্ধি হোৱাত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে৷ এইক্ষেত্ৰত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল৷ কাৰণ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ অধিকাংশতে নাই বিদ্যুৎ, খোৱাপানী আৰু ফেনৰ ব্যৱস্থা৷ 

প্ৰণিধানযোগ্য যে, অসম সৰ্বশিক্ষা অভিযান মিছনে উচ্চ আৰু নিম্ন প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক সু-শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবে যথেষ্ট ব্যয়বহুল নানা আঁচনি ৰূপায়ণ কৰি আহিছে যদিও চহৰাঞ্চলৰ বিদ্যালয়ৰ তুলনাত গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহত আজিপৰ্যন্ত বহু অত্যৱশ্যকীয় সুবিধা মিছনে আশ্চৰ্যজনকভাৱে প্ৰদান কৰা নাই৷

কাজেই, দেহা দেই পুৰি নিয়া উৎকট গৰমে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক পাঠদানৰ বেলিকা ব্যাপক সমস্যাৰ সন্মুখীন কৰাইছে৷ আনকি যোৱা চাৰিটা দিনত উদ্ভৱ হোৱা অসহ্যকৰ গৰমৰ বাবেই গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি যথেষ্ট সেৰেঙা হোৱা পৰিলক্ষিত হৈছে৷

যাৰ পৰিণতিত বহু শিক্ষানুষ্ঠানত বিদ্যালয় প্ৰধান আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এনে পৰিস্থিতিত উপায়ান্তৰ হৈ বিদ্যালয় অৰ্ধ ছুটী ঘোষণা কৰিবলগীয়াত পৰিছে। ফলত স্বাভাবিকতেই ব্যাঘাত জন্মিছে পাঠদান প্ৰক্ৰিয়াত৷