নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত এন এছ এ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ চুড়ান্ত খেলখন অসম পুলিচ আৰু বিদ্যুৎ পৰিষদৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত ট্ৰাইবেকাৰ পদ্ধতিত অসম পুলিচ চেম্পিয়ন হয়।
আদিতে উক্ত চুড়ান্ত খেলখন উদ্বোধন কৰে অসমৰ ক্ৰীড়া, যুৱ কল্যান, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে। নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ক্ৰীড়াবিদ উপস্থিত থাকে।