হোজাইঃ হোজাই জিলাৰ হোজাই চহৰৰ মাজমজিয়াত যোৱা ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় অষ্টম চাব জুনিয়ৰ লৰাৰ হকী প্ৰতিযোগিতাৰ দেওঁবাৰে নিশা সফল সামৰণি পৰে৷ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত ঘৰুৱা দল অসমে চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰে৷ দেওবাৰে নিশা অনুষ্ঠিত চূড়ান্ত খেলখনত অসম দল আৰু ৰাজস্থান দলে অংশ লয়৷
অসম হকী দলৰ খেলুৱৈই সকলে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজস্থান দলক ৩-২ গলত পৰাজিত কৰে৷ খেলৰ প্ৰথমাৱস্থাত ৰাজস্থান দলে অসম দলক দুটা গল দিবলৈ সক্ষম হৈছিল যদিওঁ দ্বিতীয় অৰ্ধত ঘৰুৱা দল অসমে দুটা গল দি ক্ষমতা স্থাপন কৰে৷ খেলখন সমাপ্ত হ’বলৈ মাত্ৰ কেইমিনিটমান বাকী থকা অৱস্থাত অসম হকী দলে এটা গ’ল দি ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰে৷