ডিজিটেল ৰিপ’ৰ্টঃ মঙলবাৰে indianexpress.comত প্ৰকাশিত এটি বাতৰিয়ে ৰাজ্যৰ সচেতন মহলক বাৰুকৈয়ে ভবাই তুলিছে। প্ৰকাশিত বাতৰিটোৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হঠকাৰী সিদ্ধান্তৰ বিষয়ে জানিব পাৰি স্তম্ভিত হৈ পৰিছে বিদ্বৎ মহল।
প্ৰকাশিত বাতৰি অনুযায়ী ৰাজ্য চৰকাৰ আৰু মহানগৰ জিলা প্ৰশাসনে ওভতগোৰে নাচি অপমান কৰিবলৈ ওলাইছে দেশৰ আগশাৰীৰ ভাস্কৰ্য শিল্পীসকলৰ অন্যতম ৰামকিংকৰ বেইজক। বাতৰিটোত কোৱা হৈছে যে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন বিশেষ বৈঠকত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গান্ধী মণ্ডপস্থিত ঐতিহাসিক জাতিৰ পিতা মহাত্মা গান্ধীৰ ৪৭ টা বছৰ গৰকা প্ৰতিমূৰ্তিটো আতৰাই তাৰ ঠাইত নতুন এটা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।