newsnextone.com | ছিপাঝাৰঃ পুনৰ বহিঃৰাজ্যত মৃত্যু মুখত পৰে এগৰাকী অসমৰ যুৱক৷ দৰং জিলাৰ ছিপাঝাৰৰ বামুনঝাৰৰ ৩৪ বছৰীয়া বিনয় কুমাৰ নাথ নামৰ যুৱক জনে ৰাজস্থানত চলন্ত ৰেলৰ পৰা পৰি সন্দেহজনক ভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ 

জানিব পৰা মতে, যুৱকজনে নিজ এলেকাৰ কেইবাগৰাকী যুৱকৰ সৈতে গুজৰাটলৈ গৈছিল৷ পুনৰ কামৰ সন্ধানত গুজৰাটৰ পৰা চুৰাটলৈ যাব লগা হয়৷ কেইবাগৰাকী বন্ধুৰ সৈতে ৰেলেৰে গৈ থকা অৱস্থাত ৰাজস্থানত ৰেলৰ পৰা পৰে৷ পিছত ৰেল লাইনৰ পৰা ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় যুৱকজনৰ৷ 

একেটা ডবাতে কেইবাগৰকী সংগীৰ সৈতে গৈ থকা অৱস্থাত কেনেদৰে ৰেলৰ পৰা পৰিল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ ইপিনে দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ মৃত্যুক সহজেই লব পৰা নাই পৰিয়ালটোৱে৷