58
মোৰাঝাৰঃ ৩ দিন পূৰ্বে পত্নীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তানৰ। কৰ’নাতংকৰ মাজতে দুদিন আগলৈকে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈয়নী গাঁৱৰ পৰিয়ালটোৰ সকলোৱেই ব্যস্ত হৈ পৰিছিল নতুন আলহীক স্বাগতম জনাবলৈ।
আশা কৰা ধৰণেই দুঃশ্চিন্তাৰ মাজতো কপাহবাৰী ৰাজ্যিক চিকিৎসালয়ত পৰিয়ালটোৰ সদস্যসকলে মুখ দেখিছিল নতুন আলহীৰ। পিছে পুত্ৰৰ মুখ চাবলৈ নাপালে পিতৃয়ে। মহামাৰী কৰ’নাই জন্মৰ ৩ দিন পিছতে পিতৃহাৰা কৰে সেই সন্তানটোক।