52
লংকাঃ বাগদেৱী সৰস্বতী পূজাৰ দিনাই শ্ৰোতা ৰাইজক এক নতুন গান উপহাৰ দিলে সুকণ্ঠী গায়িকা গীতালি কাকতীয়ে৷ ডিমা হাচাউ জিলাৰ দয়ংব্ৰাত আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই নতুন গীত শুনালে কণ্ঠ শিল্পীগৰাকীয়ে৷
‘মই ৰঘুমলা’ নামৰ নতুন গীতটোৰ অডিঅ’ মুকলি কৰাৰ কথা ঘোষণা কৰে জনপ্ৰিয় কণ্ঠ শিল্পীগৰাকীয়ে৷ নিশা অনুষ্ঠানত নতুন গীত পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে গীতালি কাকতীয়ে৷