নামতিঃ নগা ফ্ৰেমৱাৰ্ক চুক্তিক লৈ ৰাজ্যৰ উত্তাল হৈ থকাৰ মাজতে অসমৰ এজন ব্যৱসায়ীক নগালেণ্ডৰ উগ্রপন্থীয়ে অপহৰণ কৰি নির্মম ভাৱে মাৰপিট-ধনদাবী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱতী হালোৱাটিঙত৷ জানিব পৰা মতে, যোৰহাট জিলাৰ নকছাৰীৰ ঘনশ্যাম মিশ্ৰ নামৰ কয়লা ব্যৱসায়ীজনে নাগালেণ্ড পেটত ভাৰাঘৰ লৈ দীর্ঘদিনৰ পৰা ব্যৱসায় চলাই আহিছিল।
নগালেণ্ডত কবিৰাজ হিচাপে পৰিচিত ব্যৱসায়ীজন চলিত সপ্তাহৰ মঙলবাৰে আত্মীয়ৰ ঘৰত ৰাগীৰ খবৰ লবলৈ যাওঁতে নিশা প্রায় ৯-৩০ বজাত নগালেণ্ড টুলী পেপাৰ মিলৰ সমীপত চাৰি জনীয়া অস্ত্রধাৰী নগা যুৱকৰ দলে অপহৰণ কৰে। অপহৰণ কৰি দলটোৱে ব্যৱসায়ীজনক ভৰি, পেট, হাত আৰু বুকুত নির্মমভাৱে লাঠিৰে অত্যচাৰ চলোৱাৰ লগতে মুখত পিষ্টল ভৰাই ১ লাখ দাবী কৰে।