ডিফুঃ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদ মেলযোগে অসমৰ সকলো বিদ্যালয়ত দশম শ্ৰেণীলৈক অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্বান্তৰ বিৰুদ্ধে গৰজি উঠিছে কাৰ্বি পাহাৰৰ বিৰোধী ৰাজনৈতিক দল এইছ এছ ডি চিয়ে।
এই সন্দৰ্ভত এইছ এছ ডিচিয়ে আজি বিয়লি নিজ কাৰ্য্যালয় প্ৰাংগণত এখন সংবাদ মেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলত দলটোৱে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত অসম চৰকাৰে অসমীয়া ভাষা জোৰকৈ জাপি দিব নোৱাৰিব।