Home ৰাজ্যঅসমীয়া ভাষা পুনৰ ঘুৰাই পালে বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে

অসমীয়া ভাষা পুনৰ ঘুৰাই পালে বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে

by News Desk
90 views
A+A-
Reset

গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক নিৰ্দেশনাক কেন্দ্ৰ কৰি বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈ থকাৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে দল-সংগঠন আৰু ছাত্ৰ সমাজে। যোৱা ১৫ ছেপ্তেম্বৰত স্নাতক পৰ্যায়ত গুৰু বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰি অসমীয়া ভাষা আঁতৰাই দিয়াক লৈ গোৰেশ্বৰৰ ৰাজপথত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অৱস্থান কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত পুনৰ ১৮ ছেপ্তেম্বৰত গোৰেশ্বৰ মহাবিদ্যালয়ত সৃষ্টি কৰিছিল আন এক অভাৱনীয় পৰিস্থিতিৰ। 

সিদিনা ইতিহাস বিষয়ৰ পৰীক্ষা ইংৰাজীত লিখিবলৈ বাধ্য কৰোৱাত গোৰেশ্বৰ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাগৃহ ত্যাগ কৰি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াকে লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপক্ৰম হয় যদিও মহাবিদ্যালয়খন অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰেক্ষাগৃহত আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0