Home ৰাজ্যক্ষোভ নে প্ৰতিবাদ? কিয় ‘ৰাঘৱ’ চাবলৈ আগ্ৰহ অনুভৱ কৰা নাই অসমৰ সৰ্বসাধাৰণে?

ক্ষোভ নে প্ৰতিবাদ? কিয় ‘ৰাঘৱ’ চাবলৈ আগ্ৰহ অনুভৱ কৰা নাই অসমৰ সৰ্বসাধাৰণে?

by News Desk
A+A-
Reset
raghav-cover

‘আপুনি ৰাঘৱ চালে নে ?’ – অনলাইন বুকিং এপৰ খালী হৈ থকা চিনেমা হ’লৰ ছীটৰ স্ক্ৰীণশ্বট দি সামাজিক মাধ্যমত এতিয়া ইজনে সিজনক এইদৰে প্ৰশ্ন কৰিছে। অধিকাংশৰে উত্তৰ, ‘নাই চোৱা, নাচাও।’ তাৰ মাজতে কেইজমানে উত্তৰ দি কৈছে- ‘চালোঁ, ভাল হৈছে। বৰ সুন্দৰ অভিনয়।’  চিনেমাখন নোচোৱা সকলে কিয় নাচায় তাৰো কাৰণ দাঙি ধৰিছে। মুঠতে এইকেইদিন সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু গাঁৱৰ তিনিআলিবোৰত ‘ৰাঘৱ’ক লৈ খুব চৰ্চা চলিছে।

যোৱা ২৭ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি পাইছে জেবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত আৰু অসমীয়া বোলছবিৰ দুৰ্দান্ত অভিনেতাৰূপে পৰিচিত যতীন বৰা অভিনীত ৰাঘৱ চিনেমাখন। কিন্তু চিনেমাখনক লৈ মুক্তিৰ পূৰ্বৰে পৰাই অব্যাহত আছে বিতৰ্ক। অসমীয়া ছবিজগতৰ ইতিহাসত সম্ভৱতঃ প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এক বয়কট প্ৰথা। এই বয়কট ৰাঘৱৰ বিৰুদ্ধে, এই বয়কট যতীন বৰাৰ বিৰুদ্ধে। বহুতে যতীন বৰা জনতাৰ ৰোষত পৰা বুলি উল্লেখ কৰি এইক্ষেত্ৰত বয়কটৰ পৰিৱৰ্তে গণ আক্ৰোশ বা জনৰোষৰ দৰে শব্দহে খাপ খাব বুলিও মন্তব্য কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0