ডিজিটেল ডেস্ক |নগাঁওঃ চৌপাশে দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনা৷ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত৷ তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজল ধৰা ধানৰ সোণালী আভা৷ ইফালে, আমোলমোল শেৱালীৰ গোন্ধে সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া৷ ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিৱেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বা কঙালী বিহু৷ 

দুৰ্গোৎসৱৰ ৰং-ৰহইচৰ মাজত সকলো উটি-ভাহি থকাৰ মাজতে সন্তৰ্পনে অহা এই বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াৰ মাজত চৰম ব্যস্ততা৷ কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পালিবলৈ সকলো হৈছে সাজু৷ চহা জীৱনৰ লগত কাতি বিহুৰ আছে এক নিবিড় সম্পৰ্ক৷ কৃষকসকলৰ সমানে সমানে বিহুটিক আদৰিবলৈ পিছ পৰি থকা নাই গাঁৱৰ জীৱৰী-বোৱাৰী সকলো৷

তেওঁলোকে আগচোতালত ৰুৱা তুলসীৰ তল চাফ-চিকুন কৰি বোকা-পানীৰে মচি সজাই-পৰাই তুলিছে৷ পৰম্পৰা অনুসৰি সেইদিনা প্ৰতিজন অসমীয়াৰ আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতিপথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ লগতে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলাব আকাশ বন্তি৷ 

তদুপৰি এই বিহুৰ আন এক আনুসংগিক পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পোতাৰ বিপৰীতে জাকে জাকে যুৱক-যুৱতী আৰু মহিলাসকলে পথাৰলৈ গৈ হাঁহি-তামাচাৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিলৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰিব৷ ইফালে, কণ কণ ল’ৰা-ছোৱালীয়ে তুলসীৰ তলত নাম গোৱাটো আন এক পৰম্পৰা ৷ 

মুঠৰ ওপৰত এতিয়া দূৰ্গা পূজাৰ পাৰভগা উৎসাহ-উদ্দীপনাৰ সমান্তৰালকৈ প্ৰতিজন অসমীয়া প্ৰস্তুত হৈছে প্ৰাণৰ উৎসৱ কাতি বিহু উদযাপনৰ নিমিত্তে৷