77
ডিজিটেল ডেস্ক |নগাঁওঃ চৌপাশে দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনা৷ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত৷ তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজল ধৰা ধানৰ সোণালী আভা৷ ইফালে, আমোলমোল শেৱালীৰ গোন্ধে সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া৷ ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিৱেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বা কঙালী বিহু৷
