গুৱাহাটীঃ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা শিক্ষা বিভাগটোৱে লৈছে এই ঐতিহাসিক সিদ্ধান্ত। এই অনুযায়ী এতিয়াৰেপৰা সকলো বিদ্যালয়তে বাধ্যতামূলক হ’ব অসমীয়া ভাষা।
এই নিয়ম কেৱল অসমীয়া বিদ্যালয়তেই নহয়, কেন্দ্ৰীয় বিদ্যালয় আৰু চিবিএছইৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীজনে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।