newsnextone.com | ওদালগুৰিঃ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল। 

লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। তাহানিতে ড০ ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচাবলৈ ৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসমীয়াই আজি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷

অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷ যিয়ে বন্দুকৰ গুলী বুকু পাতি লৈছিল আই মাতৃৰ বাবে৷ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদক৷ অসমৰ বুকুত অসমীয়াৰ অস্তিত্ব জীয়া কৰা অসম আন্দোলনৰ নেতৃত্ব লৈছিল সদৌ অস ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কৰা ৬ বছৰীয়া আন্দোলন ফল আজি অসমৰ ৰাইজে ভোগ কৰিবলৈ সক্ষম হ'ল। 

 যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ আৰু বৰ্তমানৰ নেতৃত্ব আনন্দিত হৈ পৰিছে। বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতোঁ আনন্দ উলাহ প্ৰকাশ কৰে। এনআৰচিৰ সম্পূৰ্ণ খচৰাক আছুৱে আদৰণি জনায়। খচৰা প্ৰকাশৰ পিছতে ৮৫৫গৰাকী শ্বহীদক আছুৱে স্মৰণ কৰে। আছুৰ মুখ্য কাৰ্যলয় শ্বহীদ ন্যাসত মিঠাই বিতৰণ কৰি আনন্দ উৎসৱ পালন কৰে আছুৱে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা সদৰস্থিত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। সুদীৰ্ঘ ৩৮ বছৰীয়া সংগ্ৰামৰ অন্তত ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ওদালগুৰি আছু কৰ্মীসকলে ইজনে সিজনক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে। 

ওদালগুৰি জিলা, ওদালগুৰি মহকুমা আৰু ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত ছাত্ৰ কৰ্মীসকলে আনন্দ উৎসৱ পালন কৰা দেখা যায়। ছাত্ৰ নেতাসকলে কয় যে বিভিন্ন কাৰণত এনআৰচিৰ চূড়ান্তখচৰাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলে কোনো ধৰণৰ ভয় শংকা কৰিব নালাগে। জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে কয় যে ৮৫৫ গৰাকী শ্বহীদৰ মূল্য আজি লাভ কৰা যেন অনুভৱ হৈছে। 

যিসকল প্ৰকৃত ভাৰতীয়ৰ নাম চূড়ান্ত খচৰাত প্ৰকাশ পোৱা নাই তেওঁলোকক সদৌ অসম ছাত্ৰ সন্থাই সহায় কৰিবলৈ সদায় প্ৰস্তুত। আনহাতে যিসকল প্ৰকৃত নাগৰিক ইতিমধ্যে ভাৰতত আছে তেওঁলোকক বিচাৰি ভাৰতবৰ্ষৰ পৰা আতৰাই পঠিয়াবলৈ দাবী উত্থাপন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চাইফুল হক, ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰ সহ জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।