দলংঘাটঃ দৰং জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অনুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদককে ধৰি ১১ টা প্ৰাৰ্থী অাছুৰ সমৰ্থনত জয়ী হয়। শুকুৰবাৰে মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ অন্তত বিজয়ী প্ৰাৰ্থী সকলক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়লৈ লৈ গৈ শুভেচ্ছা জ্ঞাপন কৰা হয়৷
বিজয়ী প্ৰাৰ্থী সকল হৈছে সাধাৰণ সম্পাদক নিৰাঞ্জন বৈশ্য, সহঃ সম্পাদক ৰীতামণি দেৱী, সাহিত্য বিভাগৰ সম্পাদক হৃদয়ান্দ ডেকা, তৰ্ক অধ্যয়ন চক্ৰ সম্পাদক কংকন ছেত্ৰী, ছাত্ৰ জিৰণী চৰা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা, খেল বিভাগৰ সম্পাদক চিন্ময় ৰাজবংশী, ছাত্ৰী জিৰণী চৰা সম্পাদিকা সবিতা নাথ, আলোচনী বিভাগৰ সম্পাদক দ্বীপজ্যোতি শইকীয়া, খেল বিভাগৰ সহঃ সম্পাদক পৰাগ ডেকা৷