মাৰ্ঘেৰিটাঃ ৰাজ্যৰ বিভিন্ন গাঁৱত এতিয়া অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷ দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ খনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷
হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগৰ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷ তিনিচুকীয়া জিলাতো অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কিন্তু জিলা খনৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুনত অটল হেল্থ কাৰ্ড প্ৰদানৰ প্ৰ-পত্ৰ পূৰণৰ নামত চৰম অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ হেল্থ কাৰ্ডৰ বাবে প-পত্ৰ পূৰণৰ অস্থায়ী কেন্দ্ৰ সমূহত কাম কৰা মানুহৰ সংখ্যা কম হোৱা দেখা যায়৷