newsnextone.com | ডিজিটেল ডেস্কঃ সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আহি বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ ভাতৃ সংগঠন এবিভিপিৰ কৰ্মকৰ্তাৰ হাতত প্ৰহৃত হ'ল জনতা দলৰ প্ৰাক্তন সাংসদ স্বামী অগ্নিৱেশ।

শুকুৰবাৰে পুৱা দীন দয়াল উপধ্যায় মাৰ্গস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপত সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে স্বামী অগ্নিৱেশৰ বিৰুদ্ধে এবিভিপি কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। আনকি একাংশ উদণ্ড বিক্ষোভকাৰীয়ে কেৱল বিক্ষোভ প্ৰদৰ্শনতে ক্ষান্ত নাথাকি জনতা দলৰ প্ৰাক্তন সাংসদগৰাকীক প্ৰহাৰো কৰে।

ইফালে, স্বামী অগ্নিৱেশ আৰু বিক্ষোভকাৰীৰ মাজৰ পৰিস্থিতিয়ে গম্ভীৰ ৰূপ লোৱাত অৱশেষত আৰক্ষীয়ে তেওঁক বিক্ষোভকাৰীৰ মাজৰ পৰা উলিয়াই আনি নিৰাপদ স্থানলৈ লৈ যায়। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ঝাৰখণ্ডৰ পাকুড় জিলাৰ এক গ্ৰামীণ অনুষ্ঠানত উপস্থিত থকাৰ সময়তো স্বামী অগ্নিৱেশ বিক্ষোভৰ চিকাৰ হৈ পৰিছিল। তেওঁৰ বিৰুদ্ধে খ্ৰিষ্টান মিছনেৰীৰ সহযোগত স্থানীয় আদিৱাসী সকলক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল এবিভিপি কৰ্মকৰ্তাসকলে।