newsnextone.com | ডিজিটেল ডেস্কঃ সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আহি বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ ভাতৃ সংগঠন এবিভিপিৰ কৰ্মকৰ্তাৰ হাতত প্ৰহৃত হ’ল জনতা দলৰ প্ৰাক্তন সাংসদ স্বামী অগ্নিৱেশ।
শুকুৰবাৰে পুৱা দীন দয়াল উপধ্যায় মাৰ্গস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপত সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে স্বামী অগ্নিৱেশৰ বিৰুদ্ধে এবিভিপি কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। আনকি একাংশ উদণ্ড বিক্ষোভকাৰীয়ে কেৱল বিক্ষোভ প্ৰদৰ্শনতে ক্ষান্ত নাথাকি জনতা দলৰ প্ৰাক্তন সাংসদগৰাকীক প্ৰহাৰো কৰে।