51
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সক্ৰিয় ভুৱা ব্লু হোৱেল৷ ব্লু হোৱেল নামৰ কোনো গেম নথকা স্বত্বেও পুনৰ আশংকা কৰা গ’ল ব্লু হোৱেলৰ সম্ভাৱনা৷ এইবাৰ ব্লু হোৱেল গেমৰ চিকাৰ বুলি ধৰা হ’ল এজন অসমীয়া যুৱকক৷
বৃহস্পতিবাৰে সন্ধিয়া শিলচৰৰ এজন কলেজীয়া ছাত্ৰই এটা আট্টালিকাৰ দ্বিতীয় মহলৰ পৰা জপিওৱাৰ মূহুৰ্ততেই স্থানীয় আৰক্ষী উপস্থিত হৈ ছাত্ৰজনক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়ত ছাত্ৰজনৰ বুকুত আৰু হাতত আঘাতৰ চিন দেখা পোৱা গৈছিল৷