মুম্বাইঃ ক’লাধন দেশলৈ ঘূৰই অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দিয়া প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত বিৰোধীয়ে প্ৰায়েই আক্ৰমণ কৰি আহিছে৷ এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেৰ এক মন্তব্যই ৰাজনৈতিক মহলত হাঁহিৰ খোৰাক যোগাইছে৷

মন্ত্ৰীজনে সোমবাৰে মন্তব্য কৰে যে প্ৰতিজন দেশবাসীৰ একাউন্টলৈ ১৫ লাখকৈ টকা আহিব৷ অৱশ্যে এইয়া পৰ্যায়ক্ৰমে কৰা হ’ব৷

এই সন্দৰ্ভত তেওঁ কয় যে চৰকাৰৰ হাতত বেছি ধন নাই৷ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াক চৰকাৰে টকা বিচাৰিছে যদিও কেন্দ্ৰীয় বেংকটোৱে টকা দিয়া নাই৷ গতিকে চৰকাৰে ধন যোগাৰ কৰিব পৰা নাই৷ 

২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোদীয়ে উল্লেখ কৰিছিল যে দেশত থকা ক’লাধন আৰু কৰ নিদিয়াকৈ বিদেশী বেংকত ৰখা ধনৰ পৰিমাণ ইমান বৃহৎ অংকৰ হ’ব যে সেইবোৰ ওভতাই আনিলে প্ৰতিজন ভাৰতীয়ৰ একাউন্টত ১৫ লাখ টকাকৈ জমা দিব পৰা যাব৷ চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰতে তেওঁ বিদেশৰ বেংকত থকা ক’লা ধন দেশলৈ ওভতাই আনিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীজনে পূৰণ কৰিব নোৱাৰাত সময়ে সময়ে বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে৷ 

কেন্দ্ৰীয় মন্ত্ৰী আঠেৱালেক সততে বিতৰ্কিত মন্তব্য কৰে বুলি এক পৰিচয় আছে৷