Home ৰাজনীতিশেষ নিশাৰ খেল… কংগ্ৰেছত যোগ নিদিয়াকৈয়ে বিহালীত জয়ন্তই পালে কংগ্ৰেছৰ টিকট

শেষ নিশাৰ খেল… কংগ্ৰেছত যোগ নিদিয়াকৈয়ে বিহালীত জয়ন্তই পালে কংগ্ৰেছৰ টিকট

by News Desk
A+A-
Reset
jayanta behali

গুৱাহাটীঃ ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলগীয়া দিনটোত জয় লাভেৰে ওস্তাদ হ’ব পাৰে নে নোৱাৰে সেয়া এতিয়াই ক’ব পৰা নগ’লেও ২৩ অক্টোবৰত ‘ওস্তাদৰ খেল শেষ ৰাতি’ৰ লেখীয়াকৈ খেল দেখুৱাবলৈ সমৰ্থ হ’ল সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰা। ২৫ হাজাৰ টকা বণ্ডত জামিন লৈ মুকলি আকাশৰ তলত থকা ভূ-মাফিয়া হিচাপে খ্যাত বিহালীৰ এইগৰাকী প্ৰাক্তন বিজেপি নেতাই অসম সন্মিলিত মৰ্চা অৰ্থাৎ পূৰ্বৰ বিৰোধী ঐক্য মঞ্চৰ সকলো অংকত আউল লগাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈয়ে লাভ কৰে কংগ্ৰেছৰ টিকট।

বুধবাৰে পুৱা ১০ বজাৰে পৰা গোটেই দিনটো অসম সন্মিলিত মৰ্চাৰ নেতাসকলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলকো চৰম উৎকণ্ঠাত ডুবাই ৰাখি নিশা ১১ বাজি ৯ মিনিটত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ উধৃতিৰে বিগত কেবাদিনো ধৰি চলি থকা চৰ্চা অনুযায়ীয়েই জয়ন্ত বৰাকেই প্ৰদান কৰা হয় প্ৰাৰ্থিত্ব। অবৈধভাৱে আনৰ ভূমি দখলৰ গুৰুতৰ অভিযোগ থকা সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থী কৰাৰ লগে লগে কংগ্ৰেছে তেওঁৰ কুকীৰ্তিক মহিমামণ্ডিত কৰিব খোজা বুলিও অভিযোগ উঠিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0