নলবাৰীঃ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নলবাৰী শাখাই গ্ৰাহকক জাল নোট দিয়া বুলি অভিযোগ উত্থাপন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গ্ৰাহকৰ সাচতীয়া ধন বেংকত সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নলবাৰীৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয়ত জালনোট দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷
নলবাৰী জিলাৰ বাহঁজানীৰ বলোৱা কুমাৰীকাটাৰ তথা অসম শক্তি বিতৰণ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী মনোৰাম দাসে নলবাৰী চহৰলৈ টকা উলিয়াব আহে৷ নলবাৰী চহৰৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয় সংলগ্ন এটিএমৰ পৰা নগদ ৪০,০০০ হাজাৰ টকা উলিয়াই৷ টকাখিনিৰ ভিতৰতে দুই হাজাৰ টকীয়া জাল নোট ওলাই বুলি অভিযোগ উত্থাপন কৰে দাসে৷