তিনিচুকীয়াঃ দেশত দিনক দিনে বৃদ্ধি পাইছে সাংবাদিক আক্ৰমণৰ ঘটনা৷ মুম্বাইৰ আততায়ীৰ গুলীত নিহত জ্যোতিৰ্ময় দে’, বেংগলুৰুত দুষ্কৃতিকাৰীৰ হাতত নিহত গৌৰী লংকেশ আৰু ত্ৰিপুৰাৰ স্থানীয় সংবাদকৰ্মী শান্তনু ভৌমিকৰ মৃত্যুৰ এটা বছৰো পাৰ নৌহওঁতেই মঙলবাৰে নিশা চুবুৰীয়া ৰাজ্য মেঘালয়ত পুনৰ সংঘটিত হ’ল আন এক সাংবাদিক আক্ৰমণক ঘটনা৷
জানিব পৰা মতে, মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰকাশিত ‘শ্বিলং টাইমছ’ নামৰ কাকতখনৰ সম্পাদক পেট্ৰিছিয়া মুখিমক কোনো দুষ্কৃতিকাৰীয়ে পেট্ৰলবোমাৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে৷ এই ঘটনাৰ পিছতেই সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷